ভুলৰ অভিধান

 ভুলৰ অভিধান




ভুলৰ অভিধান এখন ৰচিত হ’বলৈ ধৰিছে ৷
দোকমোকালিৰ দৰে কিমান ভাল লগা এটা খবৰ যে
ভুলৰ অভিধান এখন ৰচিত হ’বলৈ ধৰিছে !
ভুল শব্দবোৰেই সত্যৰ আটাইতকৈ বেছি ওচৰ চপা
যিবোৰেৰে ৰচিত হ’বলৈ ধৰিছে
এখন অবোধ ভুলৰ অভিধান
আমাৰ ভুল জীৱনক চলাবলৈ কিয় লাগে শুদ্ধ শব্দ ?
ভুল কথাবতৰা পাতিবলৈ
ভুল স্পৰ্শবোৰ কৰিবলৈ
ভুলকৈ ভাবিবলৈ
আমাক কিয় লাগেনো শুদ্ধ শব্দ ?
আমাৰ ভুল সংযোগ আৰু সম্পৰ্কবোৰৰ
অৰ্থ বিচাৰিবলৈ
আমাৰ ভুলবোৰক শুদ্ধ ভাবে নিক্ষেপ কৰিবলৈ
আমি যে এদিন
পাত লুটিয়াবই লাগিব
ভুলৰ অভিধানৰ
আমাৰ শুদ্ধ শব্দবোৰক
চকু টিপিয়াই আকৰ্ষণ কৰি থকা
এই ভুল শব্দবোৰ
পৰিপাটিকৈ সজাই থ’বলৈ
সৰি পৰা হালধীয়া পাত এখিলাই বিচাৰিছিল
অপাপ মুখৰ এখন ভুলৰ অভিধান
আৰু এদিন চাব
সেই ভুলৰ অভিধানখন আমাক নহ’লেই নহ’ব ৷
কাৰণ ভাষাই আশ্ৰয় ল’ব তাত ৷
কেবল ভাষাই নহয়
ভাষাৰ ব্যঞ্জনাকো বচাব
সেই ভুলৰ অভিধানখনে
শিশুৰ কলকলনিৰ দৰে ৰচিত হ’বলৈ ধৰিছে
এখন ভুলৰ অভিধান
জীবন নামৰ এবিধ যাতনাত !

Post a Comment

0 Comments