অনুভৱ তুলসীৰ বাহিৰে কোনেও
বানান কৰি পঢ়িব নোৱাৰে লুইতৰ পানী

অনুভৱ তুলসীৰ বাহিৰে কোনেও বানান কৰি পঢ়িব নোৱাৰে লুইতৰ পানী Astha Magazine


“এসাঁজ খুৱালো শাকেৰে
এসাঁজত দিছিলো মাছ
ৰাতিলৈ খুৱাম মঙহ
কলিজাটো কাট তুলসী ”
— এই চুটি কবিতাটো পঢ়ি গাটো শিয়ঁৰি উঠিছিল ৷ এয়া আছিল অনুভৱ তুলসীৰ প্ৰথম কবিতা সংকলন “ নাজমা”ৰ মাজৰ এটা কবিতা ৷ আন এটা কবিতাত তেওঁ লিখিছিল —
“ দুই হাতে খৰছ কৰি
মদকেই খালোহেঁতেন
তুলসী , জীৱনটোনো কি
পৰৰ হাতৰ পইছা ”
ৱাহ ! জীৱন উদযাপন সম্পৰ্কে কি ব্যাখ্যা ! কি উদাসীন ভংগী ! তেওঁ তেনেদৰেই গুচি যোৱা যেন লাগি গ’ল ৷ যিহেতু তেওঁৰ যাবৰ হোৱা নাছিল ৷


৮০ দশকৰ পৰা আমি একেলগে কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ ৷ নিবিড় বন্ধুৰ দৰে সেই দিনবোৰত আমি একেলগে ঘূৰি ফুৰিছিলোঁ ৷বিভিন্ন অনুষ্ঠানবোৰলৈ গৈছিলোঁ ৷ কিন্তু অনুভৱ তুলসী আছিল মোতকৈ বহু উচ্চ স্তৰৰ কবি ৷ তেওঁ আছিল এনে এজন শক্তিশালী কবি যাক অসমীয়া পাঠকসকলে চিনিবই নোৱাৰিলে ৷ উন্মোচনেই কৰিব নোৱাৰিলে ৷ অসমীয়া সমালোচক সকলো তেওঁক উন্মোচন কৰাত ব্যৰ্থ হ’ল ৷ সেয়ে অসমীয়া পাঠক সকলৰ কাৰণ অনুভৱ তুলসী এজন দুৰ্বোধ্য , জটিল কবি হিচাপেই চিন্হিত হৈ থাকিল ৷


প্ৰত্যেক যুগতেই সাধাৰণ পাঠক প্ৰচলিত কাব্যধাৰাত অভ্যস্ত হৈ থাকে ৷ তাৰ পৰা ওলাব খুজিলেই কবিতাক দুৰ্বোধ্য , জটিল বুলি অভিহিত কৰা হয় ৷ কিন্তু এই দুৰ্বোধ্যতাৰ উৎস বা উৎপত্তিৰ সন্ধান নকৰে ৷ এই দুৰ্বোধ্যতাৰ কাৰণ নতুন কাব্যবোধ , নতুন ফৰ্ম , ভাষা আৰু সভ্যতাৰ নতুন সম্পৰ্ক আদিৰ ব্যৱহাৰো হ’ব পাৰে ৷


প্ৰকৃততে তেওঁৰ নিচিনা এজন কবি অসমীয়া লাভ কৰাটো কম সৌভাগ্যৰ কথা নহয় ৷ কিন্তু তেওঁৰ নিচিনা এজন কবিয়ে অসমত জন্ম গ্ৰহণ কৰাটো তেওঁৰ নিজৰ কাৰণে আছিল এক দুৰ্ভাগ্য ৷ অসম নহৈ ইউৰোপীয় কোনো ৰাষ্ট্ৰত যদি তেওঁ জন্মিলেহেঁন তেন্তে তেওঁ বিশ্বৰ এজন অতি চৰ্চিত কবি হৈ থাকিলহেতেন ৷এই কথা মই দৃঢ়ভাবে ক’ব পাৰোঁ ৷ কিন্তু অসমৰ সাহিত্যিক সমাজে তেওঁক সামান্য “ সাহিত্য অকাডেমী” বটাঁটোকে দিব নোৱাৰিলে ৷ এয়া আমাৰ কাৰণে চৰম লজ্জাৰ কথা ৷

মৃত্যুৰ মাত্ৰ এসপ্তাহ আগতে অৰ্থাৎ ২৩ জুন ২০২৫ ত তেওঁ লিখি যোৱা এটা কবিতা আছিল- দিনলিপি ৷ কবিতাটো তুলি দিছো ৷ পঢ়ি চাওক ....

অনুভৱ তুলসীৰ বাহিৰে কোনেও বানান কৰি পঢ়িব নোৱাৰে লুইতৰ পানী Astha Magazine


এজন কবি কিমান শক্তিশালী হ’ব লাগিব যিয়ে নিজৰ মৃত্যুৰ দৃশ্যাবলী এনেকৈ হুবহু ৰূপত প্ৰকাশ কৰিব পাৰে ৷ কবিসকলক যে ‘ ভবিষ্যতদ্ৰষ্টা ' বুলি কোৱা হয় সেয়া এই কবিতাটোৰ জৰিয়তেই তেওঁ প্ৰমাণ কৰি থৈ গ’ল ৷ অবশ্যে এজন শক্তিশালী আৰু মহৎ কবিৰ ক্ষেত্ৰতহে এই কথা খাটে ৷ বিশ্বত এনে কেইজন কবি আছে যিয়ে তেওঁৰ নিচিনাকৈ নিজৰ মৃত্যু এনেকৈ ঘোষণা আৰু অংকিত কৰি যাব পাৰিছে কবিতাৰে ? এতিয়ালৈ মই দেখা নাই ৷ ....


মই তেওঁক কিমান ভাল পাইছিলো , কিমান শ্ৰদ্ধা কৰিছিলোঁ এই কথা তেওঁ জানিছিল নে নাই মই নাজানো ৷ কিন্তু সিদিনা বুকুত চকুলো সাফঁৰ মাৰি থৈ আমি যেতিয়া তেওঁৰ নিস্প্ৰাণ শৰীৰ চিতাত তুলি দিছিলোঁ , যেতিয়া অজস্ৰ অগ্নিশিখাই তেওঁক আবৰি ধৰিছিল আৰু আমি যেতিয়া দেখিছিলো যে তেওঁ মিহলি হৈ গৈছে ছাইৰ মাজত , তেতিয়া মই দেখিছিলোঁ _ আমি তেওঁক জ্বলাব নোৱাৰিলো ! ওহো ! তেওঁ ছাই নহ’ল !
তেওঁ দেখোন আকৌ উভতি আহিল সেই উজ্জ্বল চকুহালিৰে সৈতে আৰু গুচি গ’ল কবিতাৰ পৃষ্ঠাবোৰলৈ ৷ কাৰণ তেওঁ বানান কৰি পঢ়িব
লুইতৰ পানী ..,
আহক , আমি তেওঁৰ পিছে পিছে যাওঁ ....
আহক আমি তেওঁৰ লগত কথা পাতোঁ ৷ তেওঁৰ কবিতাৰ প্ৰতিটো শাৰী পঢ়ো , উচ্চাৰণ কৰো ৷ উচ্চাৰণ কৰো তেওঁৰ শব্দ শিল্প নিৰ্মাণৰ হাতদুখনিৰ ভাষা ৷ আৰু যেন বুজিব পাৰোঁ সত্যৰ ভাষা এনেকুৱাই ....

***

অসমীয়া প্ৰতিদিন কাকতৰ “ সাদিন “ত প্ৰকাশিত